যোৱা কালি সন্ধিয়া (০৭-০৮-২০২০) এক সঁজাতী দলে অসমত থকা পেছাদাৰী নাট্যকৰ্মী সকলৰ জীৱন-জীৱিকা সুৰক্ষিত কৰা, দীৰ্ঘদিনীয়া লকডাউনৰ ফলত দুৰ্ভোগ ভোগা সকলো পেছাদাৰী নাট্যকৰ্মীক এককালীন সাহায্য প্ৰদান কৰা আৰু সকলো পেছাদাৰী নাট্যকৰ্মীক চৰকাৰী ভাৱে নাম পঞ্জীয়নৰ দ্বাৰা নাট্যকৰ্মী হিচাপে স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰাৰ দাবীত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াক সাক্ষাৎ কৰে। তেখেতৰ মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী আৰু আইন উপদেষ্টা শান্তনু ভৰালীৰ উপস্থিতিত, মুখ্যমন্ত্ৰী মহোদয়ে নিজ হাতেৰে এখনি বিতং স্মাৰকপত্ৰ গ্ৰহণ কৰে।
মুখ্যমন্ত্ৰী মহোদয়ে অতিশীঘ্ৰে সাংস্কৃতিক বিভাগৰ লগত আলোচনা কৰি স্মাৰক পত্ৰত উল্লেখিত বিষয়সমূহ সমাধান কৰাৰ আশ্বাস দিয়ে। পেছাদাৰী নাট্যকৰ্মী সকলৰ চৰকাৰী পঞ্জীয়নৰ বিষয়টো কিদৰে কাৰ্যকৰী কৰিব পাৰি, তাক সাংস্কৃতিক বিভাগৰ লগত আলোচনা কৰিব বুলি মেডিয়া উপদেষ্টা গোস্বামী ডাঙৰীয়াই আশ্বাস প্ৰদান কৰে। স্মাৰক পত্ৰৰ লগত প্ৰাথমিক পৰ্য্যায়ত অসমৰ প্ৰায় দুশ পেছাদাৰী নাট্যকৰ্মীৰ নাম-ঠিকনাৰ এখন তালিকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত অৰ্পণ কৰা হয়।
সমাহাৰ নাট্য গোষ্ঠী এই সমগ্ৰ প্ৰক্ৰিয়াটিত আৰম্ভণিৰে পৰা জড়িত হৈ আছে।…READ MORE